Spread the love

আহি আছে ৱেব চিৰিজ “Victim”-

আমাৰ মনোৰঞ্জন ক্ষেত্ৰখনলৈ বৰ্তমান প্ৰতিদিনে নতুন খবৰ আহে। পূৰ্ণদৈৰ্ঘ্যৰ ছবি, চুটি ছবি, গীত, ৱেব চিৰিজ, নাটক ইত্যাদিকে লৈ সমৃদ্ধ আমাৰ এই মনোৰঞ্জন ক্ষেত্ৰখন। শেহতীয়াকৈ ৪ টা খণ্ডৰে এখন ৱেব চিৰিজৰ ঘোষণা কৰা হৈছে। নামটো হৈছে “Victim”। ৱেব চিৰিজখন এটা এনে কাহিনীক লৈ নিৰ্মিত যিটো কাহিনী আমাৰ সমাজখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।

ড্ৰাগছ- এক সামাজিক ব্যাধি। আমি বহুবাৰ এই শব্দটো ব্যৱহাৰ কৰিছোঁ কাৰণ ড্ৰাগছৰ ওচৰত এনে এক শক্তি আছে যাৰ আসক্তি হ’লে আপোনাৰ আৰু মোৰ সৰ্বোচ্ছ উজাৰি দিব পাৰে। ড্ৰাগছ ধ্বংসকাৰী আৰু এই কথাটো যিমান সোনকালে আমাৰ যুৱপ্ৰজন্মই বুজিব সিমানেই সোনকালে আমাৰ সমাজখন নিকা আৰু সুস্থ হৈ পৰিব। এই যুৱপ্ৰজন্মক সজাগ কৰিবলৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে “Victim”।

JLN Film Studio ৰ বেনাৰত ৱেব চিৰিজখনৰ পৰিচালনা কৰিছে সত্যজিৎ শৰ্মাই আৰু সহঃ পৰিচালনা পৰমৰ। চিত্ৰনাট্য লিখিছে অমৰজ্যোতিয়ে আৰু বিষয়বস্তু জিতু ৰয়ৰ। দৃশ্যগ্ৰহণ কৰিছে নৱ সন্দিকৈয়ে। ইয়াত অভিনয় কৰিছে ক্ৰমে অংকিতা ৰিয়া কাশ্যপ, সমীৰণ পড্ডাৰ, এচ.কে শৰ্মা, কাকলি সন্দিকৈ, ৰূপম চেতিয়া, মাইনু গগৈ, জুৰীণ মহন্ত, ধ্ৰুৱ, ৰূপম, ময়ূৰী আৰু ডাঃ হিতেশ বৰুৱাই। ৰূপসজ্জা কৰিছে সুমিত্ৰা বৰা আৰু টুকিয়ে। সম্পাদনা অসীম শৰ্মাৰ আৰু সংগীত কৰিছে হীৰকজ্যোতি নাথে।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *