“ভইচ অৱ এ নাইটিংগেল”, তৰালী শৰ্মাৰ সৰু সৰু আৱেগৰ কথাবোৰ বান্ধি মুক্তি পোৱা এখন বিশেষ কিতাপঃ
অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ বাবে নিচেই আপোন এক কণ্ঠ, যাৰ কণ্ঠৰ মধুৰতাই শ্ৰোতাৰ হৃদয়ত বাস কৰে। সেই কণ্ঠশিল্পী গৰাকীয়ে হৈছে তৰালী শৰ্মা। তৰালী শৰ্মাৰ কণ্ঠত মৰম আছে, আদৰো আছে আৰু লগতে মনলৈ প্ৰশান্তি আনিব পৰাকৈ এটা বিশেষ যাদু আছে। “অনুৰাগ তোমাৰ বাবে”, “হেঙুলীয়া সপোনে” ৰ উপৰিও আৰু বিভিন্নটা গীত হয়টো বহুজন লোকৰ প্ৰায় প্ৰতিটো নিশাৰ লগৰী। আজিও আমাৰ প্লে’লিষ্টত তৰালী শৰ্মাৰ সেই তাহানি দিনৰ গীত সমূহ ঘূৰে। তেওঁ আঁতি আঁতি বান্ধি দিয়া সুৰবোৰে আমাকো বিন্ধে, যি বিন্ধাই আমাক উৎসাহিত কৰে। তেওঁৰ কেৱল মাত্ৰ গীতেই নহয়, তেওঁ কোৱা কথাবোৰো ইমান বেছি আপোন যে সেই কথাবোৰ প্ৰায়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা পৰিলক্ষিত হয়।
প্ৰেম, জীৱন, আৱেগ-অনুভূতি, ভালপোৱা ইত্যাদিৰ জটিল সমীকৰণৰ কথাবোৰ সৰলীকৰণ কৰি তৰালী শৰ্মাই যেনেদৰে ব্যক্ত কৰে সেয়া সঁচাকৈ ধুনীয়া। তেওঁৰ সেই কথাবোৰ হাজাৰ শুনিও হেঁপাহ নপলায়। তেওঁৰ কথাবোৰ, সংগীতৰ কথাবোৰ শেহতীয়াকৈ এখন কিতাপ আকাৰে প্ৰকাশ পাইছে। কিতাপখন চলিত বৰ্ষৰ গ্ৰন্থমেলাত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হৈছে। কিতাপখনৰ নাম “ভইচ অৱ এ নাইটিংগেল”। এলেক্স ডি ফিগোৱে লিখা এই কিতাপখনৰ প্ৰকাশক হৈছে ধনজিৎ কৃষ্ণ পাঠক।
তৰালী শৰ্মাৰ একোটা গীতে সাংস্কৃতিক মহলত যেনেদৰে খলকনি লগাবলৈ সক্ষম হৈছে ঠিক তেনেদৰে পঢ়ুৱৈ সমাজকো কিতাপখনে যথেষ্ট আকৰ্ষিত কৰিব বুলি আমি আশাবাদী। তৰালী শৰ্মালৈ Jollywood Now ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভকামনা