এখন অসমীয়া ছবি আৰু ৬ টা সপ্তাহ পৰ্যন্ত অসমৰ চিত্ৰগৃহত প্ৰদৰ্শন। “বিদুৰভাই” য়ে সঁচাকৈ অভিলেখ সৃষ্টি কৰি গৈ আছে প্ৰতিটো দিশতে। ১৯ জুলাই, ২০২৪ তাৰিখে মুক্তি লাভ কৰা এই অসমীয়া ছবিখনে আজি এমাহৰ ওপৰত ছবিগৃহত সগৌৰৱেৰে চলি থকাৰ উপৰিও নিতৌ দৰ্শকৰ সঁহাৰি লাভ কৰি আছে।
এবাৰ, দুবাৰ অথবা তিনিবাৰ পৰ্যন্ত ছবিখন উপভোগ কৰিবলৈ ঢাপলি মেলিছে জনসাধাৰণ। ৪ সপ্তাহলৈকে “বিদুৰভাই” ৰ উপাৰ্জনৰ মূল্য আছিল ১০ কোটিতকৈ অধিক। সমান্তৰালকৈ, এই ছবিখন হৈ পৰিছিল অসমীয়া দ্বিতীয় সৰ্বোচ্চ উপাৰ্জনকাৰী ছবি।
“বিদুৰভাই” সৃষ্টি কৰা ইতিহাস তথা অভিলেখৰ গাঁথাই অনাগত দিনলৈ অসমীয়া ছবি উদ্যোগটোক জিলিকাই ৰখাত সহায় কৰিব। নহয়নে বাৰু?
এতিয়াও “বিদুৰভাই” চাবলৈ ৰৈ থকাজনে শীঘ্ৰেই যাওঁক আৰু উপভোগ কৰক এইখন সুন্দৰ অসমীয়া ছবি।