Spread the love

দীপলিনা ডেকাৰ এখন ফটো আৰু বহু যুৱকৰ হৃদয়ত চুৰিকাঘাতঃ কি আছে বাৰু ফটোখনত! এখন ফটো আৰু চৰ্চাৰ বিষয় ছ’চিয়েল মিডিয়াত! প্ৰশ্ন যে, কাৰ হাতত হাত থৈ আগুৱাই যোৱাৰ দৃঢ় সংকল্প ল’লে কণ্ঠশিল্পী দীপলিনা ডেকাই? হাজাৰ জন যুৱকৰ বুকুত আঘাত কৰি আপলোড কৰা দীপলিনা ডেকাৰ শেহতীয়া এখন ফটোৱে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়াত। বিভিন্ন জন অনুৰাগীৰ কমেণ্টো ফটোখনত লক্ষ্যণীয় তথা হাস্যমধুৰ। বহু ব্যক্তি অপেক্ষাৰত যে ফটোখনৰ জৰিয়তে দীপলিনা ডেকাই যাতে তেওঁৰ নতুন গীতৰ মুক্তিৰ ঘোষণা কৰে। অৱশ্যে বৰ্তমানলৈকে দীপলিনা ডেকাইও ফটোখনক লৈ কোনো স্পষ্ট মন্তব্য কৰা নাই। এয়া ফাগুনৰ বতৰ আৰু ফাগুন মানেই প্ৰেম, ভালপোৱা। ভাললগা অথবা ভালপোৱাৰ মাজৰ এই আজৱ সংমিশ্ৰণেৰে সংজ্ঞা দিয়া হয় ফাগুনৰ। এই ফাগুনত দীপলিনা ডেকাই নিজৰ নতুন গান মুকলি কৰিব নে নিজৰ আপোনজনৰ মুখ সকলোৰে ওচৰত দাঙি ধৰিব, সেয়া অৱশ্যে এতিয়াও ৰহস্যৰ আৱৰ্তত।

কিন্তু আমি আপোনালোকক সকাহ দিবলৈ এটা আমাৰ অনুমানৰ কথা ব্যক্ত কৰিব খুজিছোঁ। ফটোখনৰ তলত হেছটেগ ব্যৱহাৰ কৰি দীপলিনা ডেকাই লিখিছিল যে “#ভালপোৱা_এটি_নাম“। আনহাতে শেহতীয়াকৈ তেওঁ সীমান্ত শেখৰৰ সৈতে যুটীয়া কণ্ঠৰে আহিবলগীয়া উক্ত একে নামৰ গীতটিৰো এটি ক্লিপ ছ’চিয়েল মিডিয়াত আপলোড কৰিছিল। গতিকে, এনেক্ষেত্ৰত তেওঁ হয়টো নিজৰ আহিবলগীয়া গীতটিক লৈ প্লাবিচিটি ষ্ট্ৰেটেজী ব্যৱহাৰ কৰিছে। কণ্ঠশিল্পী গৰাকীয়ে নিজেও কৈছিল যে, “ফাগুন মানেই প্ৰেম। ফাগুন মানেই ৰঙা। ফাগুন মানেই আবিৰ। ভালপোৱাৰ যেন সুৰীয়া সমাবেশ এই ফাগুন। ফাগুনেই কাটে নতুনলৈ বাট, ফাগুনেই সাজে আৱেগৰ আকাশ। এই ফাগুনতে এটি সুমধুৰ প্ৰেমৰ গীত লৈ আমি আপোনালোকৰ ওচৰলৈ আহিম।”

অনাগত দিনত দীপলিনা ডেকাই নিজেইহে আচলতে তেওঁৰ এই হাত ধৰি উঠা ফটোখনৰ সবিশেষ জনাব পাৰিব। আমাৰ মাত্ৰ এয়া অনুমানহে, আপোনালোকে কি ভাবে?


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *