Spread the love

নতুন নতুন একোখন অসমীয়া ছবিয়ে শেহতীয়াকৈ টোকৰ মাৰিছে মনোৰঞ্জন ক্ষেত্ৰখনত। কেৱল এই ছবি সমূহ মুক্তি লাভ কৰা বুলিয়েই নহয়, চলচিত্ৰ প্ৰেমী ৰাইজৰ সমাদৰ বুটলিবলৈও সক্ষম হৈছে ছবিসমূহে। অলপতে আন এখন অসমীয়া ছবি “জলছবি” বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত। অসমীয়া চলচিত্ৰ ক্ষেত্ৰৰ যশস্বী পৰিচালক জাহ্ন বৰুৱাই শুভাৰম্ভ কৰা এই ছবিখনৰ প্ৰদৰ্শনী অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত ছবিখনৰ পৰিচালনাৰ দায়িত্ব পালন কৰিছে জয়ছেং জয় দহোতীয়াই। ২০০৮ চনত জ্যোতি চিত্ৰবনত অধ্যয়ন কৰি থকা সময়তে নিৰ্মাণ কৰা চুটি ছবি “খিৰিকিৰ পাখী” ৰে এই ছবি ক্ষেত্ৰখনত খোজ পেলোৱা জয়চেং জয় দহোতীয়াৰ প্ৰথম খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি আছিল “হান্দুক”। এই ছবিখনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি সমাৰোহতো বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

“জলছবি” ৰ জৰিয়তে পুনৰ বাৰ পৰিচালক গৰাকীয়ে অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজক নতুন সোৱাদ দিয়াৰ চেষ্টা কৰিছে। ছবিখন নাৰীকেন্দ্ৰিক। “তাপসি” নামৰ মুখ্য চৰিত্ৰটোক লৈয়ে ঘূৰিছে ছবিখনৰ কাহিনীভাগ। প্ৰথমভাগত দুৰ্বল “তাপসি” ক পৰৱৰ্তী সময়ত দৃঢ়ভাৱে “তাপসি” ক ৰাইজৰ মাজলৈ উলিয়াই আনি সমাজৰ আন দহগৰাকী মহিলাক অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰা হৈছে ছবিখনৰ জৰিয়তে। ছবিখনত থকা গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহ ৰূপায়ন কৰিছে দৰথী ভৰদ্বাজ, নোমল চন্দ্ৰ গগৈ, দূৰ্লভা মৰাণ আৰু দুলুকান্ত মৰাণ, বিশাল অনুৰাগ, অখিল গগৈ, কৰৱী দুৱৰা, বিপনজিৎ গগৈ, জিতু মৰাণ, গীতাশ্ৰী দহোতীয়াকে ধৰি আন ন-পূৰণি শিল্পীয়ে। জাৰ্মানীৰ মগাদৰ ফ্লিম আৰু ফান দে মেন্টেল ষ্টুডিঅ’চৰ সহযোগত “মায়ামৰা” প্ৰডাকচন বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজনা কৰিছে জয়চেং আৰু ভূপালী মৰাণে। ছবিখনৰ সহঃ প্ৰযোজনা আৰমান আহমেদ এন্দ্ৰেয়াচ লুকাচ, শ্ৰী কুমাৰ দহোতীয়া আৰু মানস প্ৰতীম দত্তৰ; কাৰ্যবাহী প্ৰযোজকৰ দায়িত্বত আছে খ্ৰীচষ্টফ থকে। ছবিখনত সন্নিৱিষ্ট গীতসমূহৰ সংগীত পৰিচালনা কৰিছে সৌৰভ মহন্তই লগতে গীতসমূহত দিয়া কথাৰ দায়িত্বত আছে যাদৱ মহন্ত, কুকিল আৰু মৃণাল বৰগোঁহাই। চিদা বৰা আৰু জয়চেং জয় দহোতীয়াৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ শব্দনক্সা অলিভাৰ আক্টেজ আৰু দেৱজিৎ গায়নৰ। কলা নিৰ্দেশনা পূণ্যজিৎ মৰাণ আৰু প্ৰকাশদীপ দহোতীয়াৰ।

জয়চেঙৰ এই ছবিখনৰ বাবে অপেক্ষাৰত দৰ্শক সকল। আটাইলৈ জনাইছোঁ আন্তৰিক শুভকামনা।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *