Spread the love

“জিদ্দী কাঞ্চা” ৰে নতুন ৰূপত দীপলিনা ডেকাঃ চালেনে গীতটি?

অসমীয়া সংগীত জগতত জনপ্ৰিয়তাৰ শীৰ্ষত থকা কণ্ঠশিল্পী দীপলিনা ডেকাৰ নতুন গীতটিয়ে মুক্তিৰ পিছতেই অনুৰাগীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “জিদ্দী কাঞ্চা” ত দীপলিনাৰ অভিনয়ৰ এক নতুন ৰূপ দেখিবলৈ পোৱা গ’ল। দীপলিনাৰ সুললিত কণ্ঠৰ প্ৰশংসা কৰাৰ সমান্তৰালকৈ এইবাৰ অনুৰাগীয়ে তেওঁৰ অভিনয়ৰো প্ৰশংসা কৰিছে।এগৰাকী কন্ঠশিল্পীৰ ৰূপত তেওঁ যিমানেই অনুৰাগীৰ প্ৰিয়; সিমানেই অনুৰাগী সকলৰ বাবে প্ৰিয় তেওঁৰ অভিনীত চৰিত্ৰ সমূহো। শিল্পী গৰাকীয়ে অনুৰাগীৰ প্ৰশংসা ইমানেই লাভ কৰে যে তেওঁয়ো প্ৰায়ে প্ৰতিটো সময়তে অনুৰাগীৰ কাষ চাপিবলৈও নতুন নতুন প্ৰকল্পৰে প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা যায়। নেপালী গাখীৰ বিলোৱা এগৰাকী যুৱকৰ সৈতে প্ৰেমত পৰা এগৰাকী যুৱতীৰ সৰু-সুৰা অভিমানৰ কাজিয়াক লৈ নিৰ্মাণ কৰা হৈছে গীতটিৰ ভিডিঅ’টো। এটা কথা নিশ্চিত যে, গীতটিৰ অডিঅ’ৰ সৈতে সুন্দৰভাৱে ভিডিঅ’টোৰ উপস্থাপন কৰাৰ হেতু “জিদ্দী কাঞ্চা” ক আঁকোৱালিছে প্ৰত্যেককে।

দীপলিনা ডেকা বুলি ক’লেই উৎসাহিত যুৱপ্ৰজন্মৰ মাজত এক আলোড়ণৰ সৃষ্টি কৰে।শ্ৰুতিমধুৰ কণ্ঠৰ গৰাকী দীপলিনা ডেকাই বৰ্তমানলৈকে অনুৰাগীক যিমানকেইটা গীতৰ উপহাৰ দিছে, আটাইকেইটাই সংগীতপ্ৰেমীৰ শ্ৰোতাৰ প্লে-লিষ্টত ঘূৰা পৰিলক্ষিত হয়। এই প্লে-লিষ্টখনত “জিদ্দী কাঞ্চা” কো যে সন্নিৱিষ্ট কৰা হ’ব সেয়া একাষাৰে ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। গীতটিৰ কথা পাপলু চেতিয়াৰ, ইতিমধ্যে পাপলু চেতিয়াৰে কথাৰে মুক্তি লাভ কৰা প্ৰতিটো গীতেই জনসাধাৰণৰ সমাদৰ লাভ কৰিছে। লগতে, গীতটিত সংগীত কৰিছে পল্লৱ তালুকদাৰে, সংগীত সংমিশ্ৰণ ইবচন লাল বৰুৱাৰ আৰু বাঁহী বজাইছে লক্ষীনন্দন লাহনে। গীতাৰ বজাইছে ৰূপম শৰ্মাই আৰু ৰেকৰ্ডিঙৰ দায়িত্বত আছে পিংকু দাস। আনহাতে, গীতটিৰ ভিডিঅ’ ৰ পৰিচালনা কৰিছে সুব্ৰত কাকতিৰ। উক্ত গীতটিৰ ভিডিঅ’টোত দীপলিনা ডেকাৰ সৈতে প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গ’ল চাংকু নিৰঞ্জন নাথক। নৃত্য পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সমাদৰ বুটলিবলৈ সক্ষম হোৱা পৰিচালক বিদ্যুৎ ৰবীনে। চিনেমেটোগ্ৰাফী উত্তম কলিতাৰ, সম্পাদনা মানস কাশ্যপৰ।

গীতটি আপোনালোকে উপভোগ কৰিলেনে? যদিহে কৰা নাই, তলত লিংকটো দি দিয়া হৈছে:


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *