Spread the love

বৰ্তমান অসমীয়া ছবিৰ সময় বুলি আমি প্ৰত্যেকেই শুনি আহিছোঁ। ছবিগৃহত সমাদৰ লাভ কৰিছে অলপতে মুক্তিপ্ৰাপ্ত BLACK N WHITE অসমীয়া ছবিখনে। ঘৰুৱা দৰ্শকৰ সমান্তৰালকৈ এখন অসমীয়া ছবিৰ সাফল্যৰ আঁৰত মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত সকলোৰে দায়িত্ব থাকে। কিন্তু, এই দায়িত্ব পালনত ব্ৰতী থাকেনে বাৰু সকলো? ৰ’ব, এই প্ৰশ্ন আমাৰ নহয়। এইটো প্ৰশ্ন কৰিছে বিগত ৬ বছৰৰ অন্তত ৰূপালী পৰ্দালৈ ঘূৰি অহা জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই। “Black N White” ৰে অসমীয়া ছবিখনত পুনৰ বাৰ ঘূৰি অহা ৰবি শৰ্মাই শেহতীয়াকৈ নিজৰ ছবিখনক কোনো সঁহাৰি নজনোৱাৰ বাবে তথা ছবিখনক উদ্দেশ্যি কোনো কথা নপতাৰ বাবে অকলশৰীয়া অনুভৱ কৰিছোঁ বুলি প্ৰকাশ কৰে। তেওঁৰ এই কথাষাৰৰ প্ৰভাৱ এতিয়া সমগ্ৰ অসমীয়া ছবিক্ষেত্ৰখনৰ সকলোৰে তাত পৰিছে। ইয়াৰ পিছত “Black N White” ৰ প্ৰচাৰৰ বাবে জুবিন গাৰ্গেও ভিডিঅ’ এটি আপলোড কৰিছে। হাৰ্টথ্ৰৱ গৰাকীৰ এই ভিডিঅ’টোৱে ছবিখনত ইতিবাচক প্ৰভাৱ পেলাব বুলি একাষাৰে কৈ দিলেও হয়টো ভুল কোৱা নহ’ব ।

বিগত শুক্ৰবাৰে মুক্তিপ্ৰাপ্ত এই ছবিখনে ইতিমধ্যে দৰ্শকক আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। ছ’চিয়েল মিডিয়া খুলিলেই আপুনি ছবিখনৰ বিষয়ে বহুখিনি আপডেট দেখিবলৈ পাব। ছবিখনৰ কনচেপ্টক সুন্দৰভাৱে উপস্থাপন কৰাৰ বাবে পৰিচালক ধনজিৎ দাসৰো প্ৰশংসা কৰিছে সকলোৱে। ইখনৰ পিছত সিখনকৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ উৰ্দ্ধগামী গ্ৰাফ ডাল দেখি সকলো উৎসাহিত হৈ পৰিছে। আপোনালোকক ক’বলৈ পাই আমি নিজেই যথেষ্ট সুখী হৈছোঁ যে, “Black N White” ৰ মুক্তিৰ পিছতো বৰ্তমানেও ছবিখনৰ কলা-কুশলীয়ে প্ৰচাৰৰ হেতু ৰাজ্যৰ বিভিন্ন জিলালৈ গৈ দৰ্শক সকলক একগোট কৰাৰ প্ৰয়াস কৰি গৈছে। ছবিখনৰ কালেকচন সম্পৰ্কত যদিও আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই তথাপিও ছবিগৃহ সমূহৰ হাউচ ফুল হোৱাৰ বাৰ্তা লাভ কৰি “Black N White” ৰ সফলতা সম্পৰ্কে এটা ধাৰণা ল’ব পৰা যায়।

শেষত আমি আশা কৰিছোঁ, অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত সকলোৱে “Black N White” ক লৈ প্ৰচাৰ কৰক যাতে এই ঐক্যবদ্ধ ক্ষেত্ৰখনৰ কোনোৱে অকলশৰীয়া অনুভৱ কৰিব নালাগে। লগতে, ছবিখনৰ সমূহ কলা-কুশলীলৈ জনাইছোঁ আন্তৰিক শুভকামনা।

Zubeen GargRavi Sarma


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *