Spread the love

জুবিন আৰু মহালক্ষ্মী আয়াৰ- সাংগীতিক যুটিটোক মনত আছেনে? দুয়োয়ে কণ্ঠদান কৰা “মতলীয়া বতাহে” শীৰ্ষক “নায়ক” ৰ জনপ্ৰিয় গীতটোৱে খলকনি তুলিছিল সেই সময়ত। আজিপৰ্যন্ত গীতটোৱে শ্ৰোতাৰ হৃদয়ত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে এতিয়ালৈকে গীতটো আমাৰ প্লে-লিষ্টত ঘূৰি আছে। মুনিন বৰুৱাৰ দ্বাৰা পৰিচালিত “নায়ক” নামৰ এই ছবিখনত অন্তৰ্ভুক্ত হৈ থকা গীতটোক লৈ উৎসাহৰ শেষ নাই। দুয়োৰে সুৰীয়া কণ্ঠ আৰু স্বকীয় গায়ন শৈলীয়ে গীতটোক ইমান ওপৰলৈ লৈ গ’ল যে তেওঁলোকৰ যুটিটোৰ পৰা আন এটি গীতৰ অপেক্ষা কৰি তাহানিৰ দিনৰে পৰা ৰৈ আছিল অসমবাসী। কিন্তু কি জানেনে? আপোনালোকৰ এই অপেক্ষাৰ দিন চমু হৈ আহিছে।

আহি আছে জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠৰে এটি সুন্দৰ ৰোমাণ্টিত গীত। আগন্তুক বহু প্ৰত্যাশিত যতীন বৰাৰ “ৰাঘৱ” ছবিখনৰ “চিলমিল টোপনিতে” শীৰ্ষক গীতটিত দুয়োয়ে কণ্ঠদান কৰিছে। পূৰ্বেও কোৱা হৈছিল, “ৰাঘৱ” ৰ সংগীতৰ কাম কৰিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। সেইবাবে ছবিখনৰ প্ৰতিটো গীতেই বিশেষ। আগন্তুক তিনিটা দিনৰ অপেক্ষা মাত্ৰ, ইতিমধ্যে উক্ত গীতটোৰ এটি প্ৰমো’ মুকলি কৰি দিয়া হৈছে য’ত দৰ্শকৰ সঁহাৰি উল্লেখনীয়। ভিডিঅ’টোত যতীনৰ সৈতে দেখিবলৈ পোৱা যাব নিশিতা গোস্বামীক। “ৰাঘৱ” তথা অভিনেতা যতীন বৰা ক্ষেত্ৰত বিভিন্ন জনে কৰা নেতিবাচক মন্তব্যৰ পিছতো ছবিখনৰ প্ৰতিটো প্ৰকল্পই জনপ্ৰিয়তাৰ শীখৰত অধিষ্ঠিত হৈছে আৰু এয়াই অনাগত দিনত ছবিখনৰ সফলতাক বাখ্যা কৰিব।

“ৰাঘৱ” ৰ মুক্তি ২৭ অক্টোবৰত। মাজত নাই কমেও ডেৰটা মাহ আছে, গতিকে এইকেইটা দিনত “ৰাঘৱ ” য়ে নিজ প্ৰচাৰ কাৰ্যসূচী কিমান সক্ৰিয়তাৰে সম্পূৰ্ণ কৰিব সেয়া লক্ষ্যণীয়।


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *